নমস্কাৰ। “নৱেম্বৰ-ডিচেম্বৰ” মাহত অনুষ্ঠিত হৈ যোৱা গল্প আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ সফল সমাপ্তিৰ পিছত Litcul Mobile App-এ জানুৱাৰী মাহৰ প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ব্লগত প্ৰতিযোগিতাত কেনেদৰে অংশগ্ৰহণ কৰিব পাৰিব, পুৰস্কাৰ আৰু নিয়মাৱলী সম্পৰ্কে তলত বিতংভাৱে উল্লেখ কৰা হৈছে। । ইচ্ছুক সাহিত্যনুৰাগীসকলক নিয়মাৱলী সম্পূৰ্ণকৈ পঢ়িবলৈ অনুৰোধ জনোৱা হ'ল। যদিহে আপুনি “নৱেম্বৰ-ডিচেম্বৰ” মাহত হৈ যোৱা প্ৰতিযোগিতাৰ ফলাফল জানিব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক।
মন কৰিব: যদিহে আপুনি এতিয়াও Litcul App ডাউনলোড কৰা নাই তেন্তে ইয়াত ক্লিক কৰি এতিয়াই ডাউনলোড কৰি লওঁক। অন্যথা প্ৰতিযোগিতাত অংশগ্ৰহনৰ পৰা আপুনি বঞ্চিত হ'ব।
প্ৰৱন্ধ প্ৰতিযোগিতাৰ বিষয়বস্ত: প্ৰৱন্ধ প্ৰতিযোগিতাৰ বাবে কোনো নিৰ্দিষ্ট বিষয়বস্ত বাচনি কৰা হোৱা নাই। লিখকসকলে নিজৰ ইচ্ছানুসৰি প্ৰৱন্ধসমূহ আপলোড কৰিব পাৰিব।
পুৰস্কাৰ: বিষয়বস্তৰ গুৰুত্ব, বিশ্লেষণ আদি দিশবোৰৰ ওপৰত নিৰ্ভৰ কৰি কোনো এটা প্ৰৱন্ধক বাচনি কৰা হ'ব। বিজয়ী ঘোষণা কৰা প্ৰৱন্ধকাৰগৰাকীক পাঁচশ টকা মূল্যৰ কিতাপৰ টোপোলা* প্ৰদান কৰা হ’ব। (বিজয়ী প্ৰতিযোগী গৰাকীয়ে পুৰস্কাৰৰ কিতাপসমূহ নিজেই বাচনি কৰিব পাৰিব।)
নিয়মাৱলী:
১) প্ৰৱন্ধসমূহ নূন্যতম ১০০০ শব্দৰ হ’ব লাগিব।
২) এজন লিখকে একাধিক প্ৰৱন্ধ দাখিল কৰিব পাৰিব।
৩) প্ৰৱন্ধসমূহ দাখিল কৰোতে প্ৰতিযোগিয়ে "Litculপ্ৰৱন্ধ" Tag ব্যৱহাৰ কৰিব লাগিব, যাতে-আমাৰ সুবিধা হয়।
গল্প প্ৰতিযোগিতাৰ বিষয়বস্ত: গল্প প্ৰতিযোগিতাৰ বাবে কোনো নিৰ্দিষ্ট বিষয়বস্ত নিৰ্ধাৰণ কৰা হোৱা নাই। লিখকসকলে নিজৰ ইচ্ছানুসৰি গল্প দাখিল কৰিব পাৰিব।
পুৰস্কাৰ: গল্প প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলৰ মাজৰ পৰা এজনক বিজয়ী ঘোষণা কৰা হ’ব লগতে তেওঁক পাঁচশ টকা মূল্যৰ কিতাপৰ টোপোলা* প্ৰদান কৰা হ’ব। (বিজয়ী প্ৰতিযোোগী গৰাকীয়ে পুৰস্কাৰৰ কিতাপসমূহ নিজেই বাচনি কৰিব পাৰিব।)
নিয়মাৱলী:
১) গল্পসমূহ নূন্যতম ৬০০ শব্দৰ হ’ব লাগিব।
২) এজন লিখকে একাধিক গল্প দাখিল কৰিব পাৰিব।
৩) গল্পসমূহ দাখিল কৰোতে প্ৰতিযোগিয়ে "Litculপ্ৰতিভাবিকাশ" Tag ব্যৱহাৰ কৰিব লাগিব, যাতে- আমাৰ সুবিধা হয়।
অন্যান্য নিয়ম:
১) লিখকসকলে গল্প আৰু প্ৰৱন্ধ দুয়োটা প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিব পাৰিব।
২) পূৰ্বতে ফেচবুকত প্ৰকাশ কৰা গল্প অথবা প্ৰৱন্ধ প্ৰকৃত লিখক গৰাকীয়েহে দাখিল কৰিব পাৰিব।
৩) বিজয়ী ঘোষণা কৰা প্ৰতিযোগীসকলক আমাৰ ফালৰ পৰা যোগাযোগ কৰা হ’ব।
৪) গল্প আৰু প্ৰৱন্ধ আপলোড কৰাৰ অন্তিম তাৰিখ ৩১ জানুৱাৰী, ২০২১
৫) জানুৱাৰী মাহৰ ০১ তাৰিখৰ পৰা ৩১ তাৰিখৰ ভিতৰত প্ৰকাশ কৰা লিখনীসমূহ প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিব।
৬) যদিহে কোনো এটা ভাগত অংশগ্ৰহনকাৰীৰ সংখ্যা দহ জনতকৈ কম হয় তেন্তে লেখা আপলোড কৰাৰ তাৰিখ বঢ়ায় দিয়া হ'ব।
প্ৰতিযোগিতাত কোনে অংশগ্ৰহণ কৰিব পাৰিব?
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰথমেই আপুনি আমাৰ প্লেটফৰ্মৰ এজন সদস্য হ’ব লাগিব। আমাৰ প্লেটফৰ্মৰ সদস্য নোহোৱা সকল প্ৰতিযোগিতাত অংশগ্ৰহণৰ পৰা বঞ্চিত হ’ব। যদিহে আপুনি Litcul App ব্যৱহাৰ কৰি আছে তাৰ অৰ্থ এইয়ে যে আপুনি আমাৰ প্লেটফৰ্মৰ এজন সদস্য আৰু আপুনি বিশেষ একো কৰা প্ৰয়োজন নাই। যিসকলে এতিয়াও আমাৰ প্লেটফৰ্মত যোগ দিয়া নাই কিন্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকক প্ৰথমেই এটা Valid Litcul Account খুলিবলৈ অনুৰোধ জনোৱা হ’ল। আমাৰ ৱেৱচাইট www.litcul.com অথবা Litcul App ব্যৱহাৰ কৰি আপুনি আপোনাৰ Account টো বনাব পাৰিব। যদিহে কিবা অসুবিধা হয় তেন্তে আমি সহায় কৰিবলৈ সদায় প্ৰস্তত।
প্ৰতিযোগিতাত কেনেকৈ অংশগ্ৰহণ কৰিব?/প্ৰতিযোগিতাৰ বাবে লেখাসমূহ কেনেকৈ দাখিল কৰিব?
Litcul Competition ত ভাগ লোৱাৰ বাবে আপুনি বিশেষভাৱে লেখাসমূহ দাখিল কৰাৰ কোনো প্ৰয়োজন নাই। আমাৰ ৱেৱচাইট/ ম’বাইল এপত এটা সুবিধা ৰখা হৈছে “Blog” নামেৰে। যি সুবিধা ব্যৱহাৰ কৰি লিখকসকলে তেওঁলোকৰ সৃষ্টিশীল লেখা আদি প্ৰকাশ কৰিব পাৰে। এই সুবিধা কেৱল এই প্ৰতিযোগিতাৰ বাবেই নহয়। ব্লগৰ যোগেদি আপুনি আপোনাৰ যিকোনো লেখা প্ৰকাশ কৰিব পাৰে আৰু বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব পাৰে।
যদিহে আপুনি আমাৰ ম’বাইল এপ্ ব্যৱহাৰ কৰিছে তেন্তে তলত দিয়া পদ্ধতিৰে আপোনাৰ লেখাসমূহ দাখিল কৰিব পাৰিব-
১) লেখাসমূহ আপলোড কৰিবলৈ পোনপ্ৰথমেই Blog লৈ যাওক।
২) Write New Blog ত ক্লিক কৰক।
3) পোন প্ৰথমে আপুনি লেখাটিৰ শিৰোনাম “Title” ত লিখক।
৪) যদি লেখাটিৰ বাবে এক সুকীয়া ঠিকনা ৰাখিব বিচাৰে তেন্তে Custom URL ত সেই ঠিকনা দিব পাৰে। সাধাৰণতে লেখাটিৰ শিৰোনাম এই ঠাইত দিয়া হয়। যদিহে অসুবিধা পায় এই পৰ্য্যায় বাদ দিব পাৰে ।
৫) যদিহে আপুনি প্ৰৱন্ধ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে Tagৰ ঠাইত “Litculপ্ৰৱন্ধ” লিখিব আৰু যদিহে গল্প প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে “Litculপ্ৰতিভাবিকাশ” লিখিব (কোনো Hashtag নিদিব)।
৬) Category ৰ পৰা Litcul Competiton বাছনি কৰিব।
৭) 2nd-Level category ৰ পৰা Story Competition অথবা Article Competition বাছনি কৰিব।
৮) আপোনাৰ প্ৰৱন্ধ অথবা গল্পৰ সৈতে জড়িত এখন ফটো আপলোড কৰিব।
৯) এতিয়া Blog Description ত আপোনাৰ প্ৰকৃত লেখাটি আপুনি লিখিব পাৰিব অথবা আপলোড কৰিব পাৰিব। তলত বহুবোৰ সুবিধা দিয়া হৈছে যিবোৰ ব্যৱহাৰ কৰি আপুনি প্ৰৱন্ধৰ ভিতৰত নম্বৰ, উদ্ধৃতি, Headlines আদি নিজৰ ইচ্ছানুসৰি দিব পাৰিব।
১০) আপোনাৰ লেখা সম্পন্ন হোৱাৰ পিছত Post ত ক্লিক কৰিলেই আপোনাৰ লেখা আমাৰ প্লেটফৰ্মত প্ৰকাশ হোৱাৰ লগতেই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হ’ব।
মন কৰিব: যদিহে ওপৰত উল্লেখ কৰা পৰ্য্যায়সমূহ আপুনি ফটোসহ চাব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক ।
অনুৰোধ: অনুগ্ৰহ কৰি এই ব্লগটো ফেচবুকৰ লগতে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। যাতে অধিকসংখ্যক সাহিত্যনুৰাগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে।
* পাঁচশ টকা মূল্যৰ কিতাপৰ টোপোলা: বিশেষ পৰিস্থিতিত বিজয়ী প্ৰতিযোগীক নগদ ধন অথবা ই-গিফ্ট কাৰ্ড প্ৰদান কৰা যাব পাৰে।
We are a close community to help to meet and greet new people.
We are a secure community with 5000+ active members who help you with your queries, post new updates and grow your network.