ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক অতীজৰে পৰাই পাৰস্পৰিক বিশ্বাস আৰু উমৈহতীয়া লাভৰ ওপৰত প্ৰতিষ্ঠিত। এই সম্পৰ্ক বহু সময়ত কৌশলগত, ৰাজনৈতিক আৰু অৰ্থনৈতিক। কিন্তু এক কথা ঠিক যে দুয়োখন দেশৰ এই পাৰস্পৰিক অংশীদাৰিত্বই জনসাধাৰণৰ সমৰ্থন লাভ কৰে।
দুয়োখন দেশৰ মাজৰ কুতনৈতিক সম্পৰ্ক ভাৰতে স্বাধীনতা অৰ্জন কৰাৰ আগেয়েই ১৯৪৭ চনৰ ১৩ এপ্ৰিলত স্হাপন হৈছিল। স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত ভাৰতবৰ্ষৰ লক্ষ্য আছিল গুৰু উদ্যোগত বিনিয়োগৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বীতা লাভ কৰা আৰু ছোভিয়েট ইউনিয়নে গধুৰ যন্ত্ৰ নিৰ্মাণ, খনি, শক্তি উত্পাদন আৰু ষ্টীল প্ৰকল্পৰ ক্ষেত্ৰত কেইবাটাও নতুন উদ্যোগত বিনিয়োগ কৰিছিল। ভাৰতৰ দ্বিতীয় পাঁচ বছৰীয়া পৰিকল্পনাৰ সময়ত স্হাপন কৰা ষোল্লটা গুৰু উদ্যোগ প্ৰকল্পৰ ভিতৰত ছোভিয়েট ইউনিয়নৰ সহায়ত আঠটা আৰম্ভ কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল বিশ্ববিখ্যাত আই আই টি ব’ম্বেৰ প্ৰতিষ্ঠা।
তদুপৰি, দেখা যায় যে ভাৰত আৰু ছোভিয়েট ইউনিয়নৰ মাজত সম্পৰ্কৰ এক বিশেষ মূহুৰ্ত আছিল ১৯৭১ চনৰ আগষ্টত কৰা শান্তি আৰু বন্ধুত্বৰ চুক্তিৰ স্বাক্ষৰ। এই বুজাপৰা তথা চুক্তি আছিল দুয়োখন দেশৰ উমৈহতীয়া লক্ষ্যৰ প্ৰকাশ। সমান্তৰালভাৱে আঞ্চলিক আৰু আন্তৰ্জাতিক শান্তি তথা নিৰাপত্তা শক্তিশালী কৰাৰ বাবে এক ব্লুপ্ৰিন্ট। নব্বৈৰ দশকটো আছিল দুয়োখন দেশৰ বাবে এক অগ্ৰসৰৰ সময়। ১৯৯০ চনত ভাৰতে USSR ক কাৰিকৰী ঋণৰ ৰুপত ঋণ প্ৰদান কৰে আৰু ১৯৯১ চনত ভাৰতে খাদ্য ঋন আৰু ২০,০০০ টন চাউলৰ উপহাৰ প্ৰদান কৰে। ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত ভাৰত আৰু ৰাছিয়াই ১৯৯৩ চনৰ জানুৱাৰী মাহত বন্ধুত্ব আৰু সহযোগিতাৰ এক নতুন চুক্তি স্বাক্ষৰ কৰে আৰু ১৯৯৪ চনত দ্বিপাক্ষিক সামৰিক-কাৰিকৰী সহযোগিতা স্বাক্ষৰ কৰে।
ভাৰত-ৰাছিয়াৰ সম্পৰ্ক
ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক অতি পুৰণি যদিও বিশেষকৈ শীতল যুদ্ধৰ সমসাময়িকভাৱে এই সম্পৰ্কই বহু পৰিমাণে অগ্ৰগতি লাভ কৰিছিল। বৰ্তমানে দুযোখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক আনুষ্ঠানিকভাৱে – Special and Privileged strategic partnership- হিচাপে অভিহিত কৰা হয়। সমান্তৰালভাৱে প্ৰতিৰক্ষা সদযোগিতা তথা অৰ্থনৈতিক অংশীদাৰিত্বক দুয়োখন দেশে অধিক গুৰুত্ব প্ৰদান কৰে।
ছ’ভিয়েতৰ যুগত(১৯২২-১৯৯১) ভাৰত-ৰাছিয়াৰ কেইবা দশকযোৰা সম্পৰ্কই এক বিশেষ মৰ্য্যদা লাভ কৰিছিল। আনহাতে ছ’ভিয়েট যুগৰ পতনৰ (১৯৯১) পাছত নতুনকৈ প্ৰতিষ্ঠিত ৰাছিয়ান ফে়ডাৰেচনে ইয়াৰ বৈদেশিক নীতি পুনৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰাৰ লগতে বৰিছ ইয়েল্টছিনৰ প্ৰশাসনে পশ্চিমপন্হী বৈদেশীক নীতি অৱলম্বন কৰাৰ প্ৰয়াস কৰিছিল। ভাৰতবৰ্ষৰ বাবে এই সময়ছোৱা আছিল নিজকে অৰ্থনৈতিকভাৱে সবল কৰা তথা পশ্চিমীয়া দেশসমূহৰ সৈতে বানিজ্য আৰু বিনোয়োগ আৰম্ভ কৰা। সেইয়েহে দুয়োখন দেশে মূখ্যত: ঘৰুৱা প্ৰয়োজনীয়তাক প্ৰাধান্য দি নতুন বিশ্বৰ সৈতে মোকাবিলা কৰিবলৈ আৰম্ভ কৰে।
আমেৰিকা ষুক্তৰাষ্ট একমাত্ৰ সবল শক্তিৰুপে পৰিগণিত হোৱা নতুন গোলকীয়া বিশ্বত দুয়োখন দেশে নিজকেই অৰ্থনৈতিকভাৱে সবল কৰিবলৈ কৰা প্ৰচেষ্টাৰ সমসাময়িকভৱে পুনৰবাৰ দুয়োখন দেশৰ মাজত ১৯৯৩ চনত চুক্তি সম্পন্ন হয়। এই চুক্তি আছিল Treaty of Friendship and Co-operation ।ঠিক এটা বছৰৰ পাছতেই দুয়োখন দেশৰ মাজত আন এখন চুক্তি Military Technical Co-operation Agreement সম্পন্ন হয়। ইয়াৰ ফলশ্ৰুতিত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক উক্ত সময়ছোৱাৰ বাবে কিছু পৰিমাণে উন্নত হোৱা দেখিবলৈ পোৱা যায় লগতে ভাৰতবৰ্ষ ৰাছিয়াৰ সকলোতকৈ অধিক পৰিমাণে অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা দেশ হিচাপে পৰিগণিত হয়।
সি যি কি নহওঁক, ওপৰোল্লিখিত চুক্তিসমূহৰ বাদে এই সময়ছোৱাত দুয়োখন দেশৰ মাজত আন কোনো চুক্তি দেখিবলৈ পোৱা নাযায়। ইয়াৰ কাৰণ কেইবাটাও, প্ৰথমেই হ’ল ৰাছিয়াৰ অৰ্থনৈথিক অস্হিৰতা তথা পতন। দ্বিতীয়তে আন উন্নয়নশীল দেশসমূহৰ সৈতে ভাৰতবৰ্ষৰ প্ৰতিযোগিতা আৰু তৃতীয়তে ছ’ভিয়েট ইউনিয়নৰ পতনৰ পাছত ৰাছিয়াত দেখা দিয়া অপৰিপক্ক আইনী অৱস্হাৰ লগতে অস্বচ্ছ নীতি। এই তিনিটা প্ৰধান কাৰণৰ বাবেই পিছৰ সময়ছোৱাত ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ কোনো বানিজ্যিক অথবা সামৰিক চুক্তি দেখিবলৈ পোৱা নাযায়। ১৯৯৬ চনত ৰাছিয় আৰু ভাৰতবৰ্ষৰ মাজত বানিজ্যৰ ইমানেই অৱনতি ঘটিছিল যে সে্ই পৰিমাণ ৰাছিয়াৰ বানিজ্যৰ কেৱল এক শতাংশ আছিল।
ইয়াৰোপৰি সাংস্কৃতিক আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত থকা পোনপটীয়া সম্পৰ্কও পূৰ্বৰ তুলনাত অৱনতি ঘটে। ছ’ভিয়েট ইউনিয়নৰ সময়ত বৃদ্ধি পোৱা বিভিন্ন বিনিয়োগ তথা স্কলাৰশ্বিপ আদি এই সময়ছোৱাত অবিশ্বাস্যভাৱে কমি যায়। সমান্তৰালভাৱে ভাৰতবৰ্ষত অৱস্হিত ৰাছিয়ান প্ৰতিস্হানসমূহ তথা ৰাছিযান ভাষা শিকণ কেন্দ্ৰসমূহ বন্ধ কৰি দিয়া হয়।
উল্লেখযোগ্য যে ভাৰত-ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্কক পুনৰবাৰ শক্তিশালী কৰিবলৈ ভ্লাডিমিৰ পুটিনৰ কাৰ্য্যকালৰ আৰম্ভনিৰ পৰাই প্ৰচেষ্টা আৰম্ভ হয়। ২০০০ চনত অনুষ্ঠিত হোৱা ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত দুয়োখন দেশৰ সম্পৰ্কই এক বিশেষ গুৰুত্ব লাভ কৰে। দহকটোৰ শেষৰফালে অৰ্থাত্ ২০১০ চনত দুয়োখন দেশে দহকটোক “Declaration on strategic partnership” হিচাপে অভিহিত কৰি কয় যে দুয়োখন দেশৰ বৰ্তমানৰ সম্পৰ্কই এনে এক পৰ্য্যায়ত উপনীত হৈছে যাক “The level of a special and privileged strategic partnership” বুলি বৰ্ণনা কৰিব পাৰি।
দুয়োখন দেশৰ মাজত এক শক্তিশালী তথা বহুমূখী সম্পৰ্ক স্হাপন কৰা প্ৰচেষ্টা সেই তেতিয়াৰে পৰা চলি আহিছে আৰু এই ক্ষেত্ৰত সফল হোৱাও দেখা পোৱা গৈছে কিন্ত তেনে কৰিবলৈ যাওঁতে দুয়োখন দেশে বহুতো আঞ্চলিক আৰু বিশ্বব্যাপি দুয়োটা স্তৰত Geo-Political আৰু Geo-Economics পৰিৱৰ্তনৰ সৈতে যুঁজ দিব লগা হৈছে। ইয়াৰ বাবে দুয়োখন দেশে ভাৰত-ছোভিয়েট সম্পৰ্কৰ পুৰণি ৰোমান্টিকতা দূৰ কৰিবলৈ তথা এক ব্যৱহাৰিক স্তৰত জড়িত হ’বলৈ সফল প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৰ্তমান সময়ত এই কথাত কোনো দ্বিমত নাই যে ভাৰত আৰু ৰাছিয়া এই দুয়োখন দেশৰ মাজত উমৈহতীয়া বিশ্বাস আৰু বন্ধুত্বসূলভ আচৰণ দেখা যায়।
ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ প্ৰকাৰ
ৰাজনৈতিক/কূটনৈতিক সম্পৰ্ক
২০০০ চনত ৰাষ্টপটি পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ৰে পৰাই ভাৰত আৰু ৰাছিয়া দুয়োখন দেশৰ মাজত এক সুস্হিৰ ৰাজনৈতিক সম্পৰ্ক দেখিবলৈ পোৱা যায়। ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্টপতিৰ মাজত কৌশলগত অংশীদাৰিত্ব তথা বাৰ্ষিক বৈঠক তেতিয়াৰে পৰা নিয়মীয়াকৈ অনুষ্ঠিত হৈ আহিছে। ২০১০ চনত ৰাষ্টপতি দিমিত্ৰী মেদভেদেভৰ ভ্ৰমনৰ সময়ত দুয়োখন দেশৰ মাজৰ সম্পৰ্কক The level of a special and privileged strategic partnership লৈ উন্নীত কৰা হৈছিল। এতিয়ালৈকে ২০০০ চনৰ পৰা ওঠৰখন বাৰ্ষিকল সন্মিলন দুয়োখন দেশৰ মাজত সম্পন্ন হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াটো পৰিচালনা কৰিবলৈ দুয়োখন দেশৰ আনুষ্ঠানিক প্ৰণালী আছে যিয়ে দুয়োখন দেশৰ দুগৰাকী নেতৃত্বক প্ৰতিবেদন দাখিল কৰে। তেওঁলোক হৈছে- বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, প্ৰযুক্তি আৰু সাংস্কৃতিক সহযোগিতাৰ আন্ত: চৰকাৰী আয়োগ (IRIGC-TEC : Inter-Governmental Commission on Trade, Economic, Scientific, Technological and Cultural Cooperation) আৰু আন্ত: চৰকাৰী সামৰিক ও সামৰিক কাৰিকৰী সহযোগিতা আয়োগ (IRIGC-MTC: Inter-Governmental Commission on Military and Military Technical Cooperation) । ২০১৭ চনত কুটনৈটিক সম্পৰ্ক স্হাপনৰ ৭০ তম বাৰ্ষিকীত ভাৰতে চেন্ট পিটাৰ্চবাৰ্গ আন্তৰ্জাতিক অৰ্থনৈতিক মঞ্চ- ২০১৭ (St. Petersburg International Economic Forum-2017) তঅতিথি দেশ হিচাপে অংশগ্ৰহণ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী উক্ত সভাৰ সন্মানীয় অতিথি আছিল। সেই একেই সময়তে ১৮ তম বাৰ্ষিক দ্বিপাক্ষিক সন্মিলনো অনুষ্ঠিত হৈছিল য’ত একৈশ শতিকাৰ বাবে অৰ্থনৈতিক আৰু ৰাজনৈতিক ১২ খন চুক্তি স্বাক্ষৰ কৰা হৈছিল।
প্ৰতিৰক্ষা
ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ এক গুৰুত্বপুৰ্ণ দিশ হৈছে প্ৰতিৰক্ষা। ৰাছিয়াৰ সহযোগিতাৰে ভাৰতে অস্ত্ৰ ক্ৰয় তথা অধিগ্ৰহণ আৰু উত্পাদনৰ জৰিয়তে কৌশলগত ক্ষেত্ৰত বিশেষ ক্ষমতা লাভ কৰিছে। তাৰোপৰি প্ৰযুক্তিৰ আদান-প্ৰদানৰ জৰিয়তে দুয়োখন দেশৰ সম্পৰ্কই বৰ্তমান ক্ৰেতা-বিক্ৰেতাৰ পৰা যৌথ উত্পাদন আৰু বিকাশলৈ বিকশিত হৈছে। ‘মেক ইন ইণ্ডিয়াৰ’ কাৰ্যসূচীত ৰাছিয়াৰ অংশগ্ৰহণেই ইয়াৰ উপযুক্ত প্ৰমাণ।
২০১৭ চনত মাৰ্চ আৰু আগষ্ট মাহত ভাৰত-ৰাছিয়া সামৰিক-উদ্যোগ সন্মিলন দুটা পৰ্য্যায়ত অনুষ্ঠিত হৈছিল য’ত ৰাছিয়া আৰু ভাৰতৰ বহু সংখ্যক কোম্পানীয়ে অংশগ্ৰহণ কৰিছিল। ভাৰত হৈছে ৰাছিয়ান সামৰিক সঁজুলিৰ সৰ্ববৃহত্ ক্ৰেতা আৰু একে সময়তে ৰাছিয়া হৈছে ভাৰতৰ মূখ্য প্ৰতিৰক্ষা অংশীদাৰ। সেই একেই বছৰতে ভাৰতে The Army Games and Spectacular Spasskaya Bashnya Band Festival-2017 তো অংশগ্ৰহণ কৰিছিল। সমান্তৰালভাৱে প্ৰতিৰক্ষা খণ্ডত দুয়োখন দেশৰ মাজত ঘণিষ্ঠ সহযোগিতাৰ সৈতে সংগতি ৰাখি ভাৰতে কোনো এখন দেশৰ সৈতে অনুষ্ঠিত কৰা প্ৰথম “TriServices Exercise, Indra 2017” ২০১৭ চনৰ ২১ অক্টোবৰৰ পৰা ২৯ অক্তোবৰলৈকে Vladivostok ত ৰাছিয়াৰ সৈতে অনুষ্টিত হৈছিল।
We are a close community to help to meet and greet new people.
We are a secure community with 5000+ active members who help you with your queries, post new updates and grow your network.