বিয়াৰ দিনা, উশাহ সলাবলৈ সময় নোহোৱা ব্যস্ততাৰ মাজতো প্ৰণিতাই প্ৰবোধলৈ চায় মাজে মাজে। ত্ৰিশ বছৰ ধৰি যিজন মানুহৰ লগত সংসাৰ কৰিলে, খালে, শুলে, কাজিয়া কৰিলে, সেইজন মানুহলৈ চাই প্ৰণিতা অবাক হৈ যায়।
'এলেহুৱা' বুলি সদায় গালি শুনা গিৰিয়েক প্ৰবোধে যোৱা মাহটোত দিন-ৰাতি এক কৰি কাম কৰিছে। বিয়াৰ তাৰিখ ঠিক হোৱা দিনটোৰ পৰা যেন তেওঁ সেনাতহে ভৰ্তি হ'ল। ফাৰ্ণিচাৰ, গহণা, মানধৰা কাপোৰ, আলহীৰ তালিকা, পেণ্ডেল, ৰান্ধনী, কেটাৰিং, ব্ৰাহ্মণ, বেণ্ডপাৰ্টি- সমস্ত প্ৰবোধে নিজেই মূৰ পাতি ল'লে। বজাৰ কৰিবলৈ গৈ প্ৰায়েই বস্তু পাহৰি যোৱা নিৰ্জু মানুহজনৰ এই পৰিৱৰ্তন প্ৰণিতা, প্ৰবোধৰ মাক, আনকি অমৃতাৰো চকুত পৰে। অমৃতাই ভাবিবলৈ লয়- দেউতাই যেন মোক বিয়া দি উলিয়াই দিবলৈকে অধীৰ হৈ আছে।
ঘৰৰ সকলো কথাতে এৰা দিয়া মনোভাৱৰ প্ৰবোধ আকৌ অমৃতাৰ যিকোনো কথাক লৈ অত্যন্ত চিৰিয়াছ। অমৃতাৰ ৰং কলম নাই, আবেলিলৈ দুই তিনি ডজন ৰং কলম আনি দিব প্ৰবোধে। পূজাত অন্ততঃ চাৰিযোৰ কাপোৰ পিন্ধিবলৈ পাব লাগিব অমৃতাই। অমৃতাৰ গা বেয়া, লগে লগে ডাক্তৰলৈ ফোন, ঔষধেৰে টেবুল ভৰ্তি হ'ব লাগিব; প্ৰবোধৰ অফিচলৈ যোৱা নহ'ব। মুঠতে অমৃতাই প্ৰবোধৰ পৃথিৱী।
অমৃতা তেওঁলোকৰ মাজলৈ অহা প্ৰথম দিনটোৰ কথা মনত পৰিলে প্ৰণিতাৰ হাঁহি উঠে। অমৃতাক প্ৰথম কোলাত লৈ প্ৰবোধে কান্দিছিল! সঁচাই সকলো দেউতাক এনেকুৱাই পাগল নে জীয়েকৰ বাবে? অমৃতাক যে তেওঁলোকে সন্তানপ্ৰাপ্তিৰ সকলো আশা এৰাৰ পিছত পাইছিল, আশীৰ্বাদৰ দৰে! অমৃতাই তেওঁলোকৰ জীৱনক এক উদ্দেশ্য দিছিল।
দিন বাগৰে। সৰু সৰু কথাতেই প্ৰবোধে ছুটি লয়, অমৃতাৰ লগত সময় কটায়, তাইৰ কণ কণ কাপোৰ ধুই দিয়ে, গু-মূত চাফা কৰে। তাই ডাঙৰ হৈ আহে মানে বাপেক- জীয়েকৰ বান্ধোন দেখি এদিন প্ৰণিতাই কৈছিল প্ৰবোধক- ইঃ যেন বিয়া নিদিবহে জীয়েকক!
প্ৰবোধ সিদিনা চুপ হৈ আছিল দিনটো। ৰাতি শুবৰ পৰত কেৱল কৈছিল- মাইনাৰ বিয়াৰ কথা আৰু কোনোদিন নক'বা।
নাই, তাৰপিছত আৰু প্ৰণিতাই এদিনলৈয়ো অমৃতাৰ বিয়াৰ কথা উলিওৱা নাছিল।
কিবা কথাত প্ৰণিতাই অমৃতাক গালি দিব অথবা এক থাপৰ লগাব, প্ৰবোধে সিদিনা ভাত নাখায়। জীয়েকক নেদেখিলে এখন্তেকো থাকিব নোৱাৰা প্ৰবোধে পূৰাদমে জীয়েকৰ বিয়াৰ প্ৰস্তুতি চলাইছে, প্ৰণিতাই প্ৰবোধৰ মুখত যন্ত্ৰণাৰ আঁচ এডালো দেখা নাই। কপালত মাজে মাজে কিছু চিন্তাৰেখা উঠে, তাৰ বাদে একো নাই। প্ৰাচীন গছৰ দৰে মূৰ তুলি থিয় হৈ থাকে প্ৰবোধ। অবাক হয় প্ৰণিতা।
ফাৰ্ণিচাৰৰ ডিজাইন চাবলৈ প্ৰবোধৰ লগত প্ৰণিতা আৰু অমৃতাও গৈছিল। যিটো ডিজাইন পচন্দ হ'ল, সেইটোৰ দাম বেছি। চিনাকি দোকানীজনে কৈছিল- প্ৰবোধদা, আপোনাৰ এজনীয়েই ছোৱালী, ভাল বস্তু দিয়ক, শহুৰৰ ঘৰলৈ গৈ যাতে কথা শুনিব নালাগে কাৰো। প্ৰণিতাই অমৃতালৈ চায়, তাৰপিছত দুয়ো প্ৰবোধলৈ চায়; নাই, তেওঁৰ কোনো প্ৰতিক্ৰিয়া নাই।
গহনাৰ দোকানলৈ গৈ প্ৰবোধে ভালতকৈয়ো ভাল ডিজাইনটো চায়। প্ৰণিতাই ফুচফুচাই কয়- দামটো চোন বহুত বেছি! প্ৰবোধে নেকলেছডাল লিৰিকি বিদাৰি ভুনভুনায়- এজনীয়েই ছোৱালী, ভালকৈ দিম। চবতো তাইৰেই। প্ৰণিতাৰ বুকুখন গধূৰ হৈ উঠে। অচিনাকি লাগি যায় প্ৰবোধক।
বৰজনাৰ জীয়েক সুপ্ৰিয়াৰ বিয়াত প্ৰবোধ কান্দি কাটি বাউল হৈ গৈছিল। বাপেকতকৈয়ো খুৰাক প্ৰবোধে বেছিকৈ কন্দা দেখি মানুহ কিছু আচৰিতেই হৈছিল। প্ৰণিতা আচৰিত হোৱা নাছিল। প্ৰবোধৰ স্বভাৱ জনা আছে। টিভিত চিনেমা চাই চকু সেমেকি উঠা, অইনৰ দুখত সহজতেই দুখী হোৱা প্ৰবোধক প্ৰণিতাই চিনে। সেইবাবেই প্ৰণিতাৰ মনত প্ৰশ্ন হৈছে- অমৃতাক দেউতাকে সঁচাই মনৰ পৰা মচি পেলাইছে নেকি!
মানধৰা কাপোৰৰ বজাৰ কৰিছিল বিয়াৰ পোন্ধৰদিনমান আগতে।
ৰাতি প্ৰণিতাই সোধে- পাৰিবনে আপুনি তাই নোহোৱাকৈ থাকিবলৈ?
নিৰ্বিকাৰ প্ৰবোধে উত্তৰ দিছিল- শুই থাকা, মোৰ হিচাপ নিকাচৰ কাম আছে অলপ।
প্ৰণিতা বাকৰুদ্ধ হয়। কি হৈ গ'ল মানুহটোৰ? এবাৰলৈয়ো আফচোচ কৰা নাই, এবাৰো আৱেগিক হোৱা নাই!
জোৰণৰ দিনা অমৃতাই 'দেউতা' 'দেউতা' বুলি চিঞৰি ভাগৰি পৰিল। প্ৰণিতাই বিচনাৰ পৰা উঠিবই নোৱাৰিলে। প্ৰবোধৰ মাকে দিনটো মুখত একো এটা নিদিলে। আৰু প্ৰবোধ সাংঘাতিকভাৱে ব্যস্ত থাকিল অতিথি শুশ্ৰূষাত। দৰাঘৰীয়াৰ প্ৰতিজন মানুহক হাতযোৰ কৰি খবৰ কৰিছে, কথা পাতিছে। সিদিনা গধূলি প্ৰবোধৰ মাকে তেওঁক মুখৰ আগতেই কৈ দিলে- ছোৱালীজনীক মনৰ পৰাই উলিয়াই দিলি নে কি? দিনটো তাই 'দেউতা দেউতা' বুলি চিঞৰি থাকিল, এবাৰলৈয়ো মনটো নগলিল নে? গাত টোপ এটাও পৰিব নিদিয়া ছোৱালীজনীৰ মুখলৈয়ো নোচোৱা হ'লি যে!
প্ৰবোধ নিৰ্বিকাৰভাৱে আঁতৰি যায়।
বিয়াৰ দিনা ৰাতিপুৱাই উঠি প্ৰবোধ অমৃতাৰ বিচনাৰ ওচৰলৈ যায়। প্ৰণিতাই আশা কৰে, অন্ততঃ এবাৰ প্ৰবোধে দুখ কৰক, অমৃতাক কিবা উপদেশ দিয়ক। নাই, প্ৰবোধে সেইবোৰ একোৱেই নকৰে। বৰং অমৃতাক সোধে- মে'ক আপ কৰা ছোৱালীজনীক কৈ থৈছা ন মাইনা?
চুপ হৈ থাকে অমৃতা।
আয়তীসকল পানী তুলিবলৈ যোৱাৰ পিছত প্ৰণিতা জুপুকা মাৰি বহি থাকিল। বস্তু এপদ নিবলৈ আহি প্ৰবোধে দেখি ডবিয়ালে- এনেকৈ বহি থাকিলে হ'বনে? পানী তুলি আহি আয়তীসকলে কি খাব, তাৰ ব্যৱস্থা কৰা। দুপদুপাই ওলাই যোৱা প্ৰবোধৰ পিনে চাই প্ৰণিতাই দেখিলে, প্ৰবোধৰ খোজ সম্পূৰ্ণ স্বাভাৱিক। তেওঁ আনকি নিজৰ কুৰ্তা পায়জামাৰ ইস্ত্ৰিও ভাঙিবলৈ দিয়া নাই, যিজন মানুহে আনকি বুটামো ভুলকৈ লগায়!
চকুৰ পচাৰতে দিনটো পাৰ হৈ যায়। বৰজনাকে চিঞৰি চিঞৰি চম্ভালি আছে চব। মাজে মাজে দুয়ো ভায়েকে কিবা আলোচনা কৰে। শ্ৰাদ্ধতো বৰজনাকেই বহিছে।
গধূলি অভ্যাগত বেছি নাই। প্ৰণিতাৰ দুভৰি জঠৰ হৈ আহে। বৰযাত্ৰী সোনকালেই আহি পালে, লগ্ন সোনকালে আছে।
অমৃতাৰ মে'কআপ নষ্ট হৈ গৈছে কান্দি কাটি। তেনেকৈয়ে তাইক চোতাললৈ ডাঙি নিয়া হৈছে। প্ৰবোধৰ মাক প্ৰেছাৰৰ ঔষধ খাই শুই পৰিছে। প্ৰণিতা কুচিমুচি হৈ পৰি আছে সৰু বিচনাখনত। কোনে জানো নিয়ম উলিয়াইছিল, মাকে জীয়েকৰ বিয়া চাব নাপায়! এই নিয়ম নাথাকিলেও জানো অমৃতা চকুৰ সমুখতে বেলেগৰ হৈ যোৱাটো প্ৰণিতাই সহ্য কৰিব পাৰিলেহেঁতেন! প্ৰবোধ কিন্তু অহৰহ সক্ৰিয় হৈ আছে।
শুই আছে যদিও প্ৰণিতাৰ কাণত পৰিছে মন্ত্ৰোচ্চাৰণৰ ভগাচিগা শব্দ -'... অখিলং অদ্য তৱ পতনীত্যেন...'
প্ৰণিতাই কামনা কৰে, সকলোবোৰ যেন সপোন হওঁক, বিয়াখন যেন মিছা হওঁক! সন্তানপ্ৰাপ্তিৰ কামনা এৰাৰ পিছত অমৃতাই তেওঁলোকৰ জীৱনক এক মাত্ৰা দিছিল। আজি আকৌ তাই গুচি যাবগৈ। ইয়াৰ পিছৰ জীৱনটো প্ৰণিতাই কি কৰি কটাব?
তাৰপিছত প্ৰবোধে জী-জোঁৱাইক লৈ যায় নিজৰ মাকৰ কোঠালৈ, আইতাকৰ আশীৰ্বাদ ল'বলৈ। শোৱাৰ পৰা উঠি প্ৰবোধৰ মাকে নাতিনীয়েক অমৃতাক বুকুত সাৱটি লৈ উচুপি উঠে আৰু প্ৰবোধলৈ চায়। নিষ্প্ৰাণ প্ৰবোধ!
সেইবাৰ দৰা-কইনাই সেৱা কৰে প্ৰবোধক। অমৃতাই লেতুসেতু হৈ প্ৰবোধৰ বুকুত সোমায়। চতুৰ কেমেৰামেনৰ ক্ল'জআপ ফ'কাচ কইনাৰ বাপেকৰ মুখত, প্ৰবোধে কেৱল অমৃতাৰ কপালত এটা চুমা খায়।
নাকান্দে প্ৰবোধে।
আনকি চকুও সেমেকি নুঠে।
মূক-বধিৰ-অন্ধ হৈ গৈছে তেওঁ।
বৰযাত্ৰী বিদায় হয়।
ৰাতিপুৱায়।
চোতালত বিশৃংখলকৈ পৰি থাকে কভাৰ লগোৱা চকীবোৰ।
গে'টৰ কাষত সস্তীয়া খালী মদৰ বটল।
কুকুৰ দুটাই শুঙি শুঙি ঘুৰি ফুৰিছে সকলোফালে।
বৰযাত্ৰীক বিদায় দি প্ৰবোধে সকলোবোৰতে এবাৰ নজৰ দিয়ে। বিয়াৰ ভঁৰালঘৰটোৰ দুৱাৰ খুলি চকু ফুৰায়। তাৰপিছত কোঠালিলৈ আহি প্ৰবোধে নিজৰ আলমাৰিটো খুলি লুকুৱাই ৰখা অমৃতাৰ অকমানি চোলাটো সন্তৰ্পণে উলিয়াই নাকৰ আগত লৈ শুঙি চায়।
আজিৰ পৰা পঁচিশ বছৰ আগতে অমৃতাক প্ৰথম কোলাত লওঁতেও তেওঁ এইটো গোন্ধেই পাইছিল।
চোলাটোত তেওঁ নিজৰ মুখখন গুজি ধৰে।
কেৱল জীয়েকৰ ছবি আঁকি ৰখা তেওঁৰ পাথৰ দুচকু ফুটি তপত নিজৰা এখন বৈ আহে।
তিতি যায় চোলাটো।
কাতিৰ কুঁৱলিসনা এটি পুৱা, কলনিমুখৰ কালভাৰ্টৰ গুৰিত কোনো অচিন মাক-বাপেকে এৰি যোৱা কেঁচুৱা অমৃতাক প্ৰবোধে সেই অকমানি চোলাটোত বিচাৰি থাকিল।
__________০০০___________
We are a close community to help to meet and greet new people.
We are a secure community with 5000+ active members who help you with your queries, post new updates and grow your network.