আন্দোলনে অসমৰ বিকাশ আৰু উন্নয়নৰ বাট
আৰম্ভণি......::-
যিসকল ব্যক্তিয়ে স্বাধীনতাৰ কথা কয় , কিন্তু আন্দোলনৰ ধাৰণাক নাসাৎত কৰে তেওঁলোকে আচলতে জাতীয় জীৱনৰ অস্তিত্বৰ সন্ধি ক্ষণত সামূলিক নেতৃত্ব দিয়াত কিন্তু কেতিয়াও সফল হোৱা নাই । যি খন অসমৰ কথা কৈছে সেই খন অসমৰ কথা কব লাগিব যিখন অসমত আজিও বানপানীত ককবকাই আছে মানুহে কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আজিও এটা খবৰ লবৰ বাবে আহৰি নাই । সেইখন অসমৰ কথা কৈছোঁ যিখন অসমত এগৰাকী মহিলা ধৰ্ষিত হোৱা পাছত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰতিযোগিতাত লিপ্ত হয় , জাতীয় সন্মানৰ সমূহীয়া আদ্য চাৰ্দৰ বাবে । সেইখন অসমৰ কথা কৈছোঁ যিখন অসমত পৰীক্ষাৰ বহি কেইখন গৰু কেইটাৰ পৰা উদ্ধাৰ কৰিবলৈও আন্দোলনৰ কৰিব লগা হয় তেনে এক প্ৰেক্ষাপটত জাতি মাটি আৰু মানুহৰ প্ৰতি সম্পন্ন দায়বদ্ধ স্বীকাৰ কৰি আন্দোলনৰ ধাৰণাক সামগ্রিক অৰ্থত ব্যৱহাৰ কৰি এই বিষয়টোক বিৰোধিতা কৰিছোঁ ।
কোনোবা এখন গন্থত কৈছিল যত চিন্তা আছে , যত আদৰ্শ আছে , যত বিকাশ আছে তাত আন্দোলন ৰ সৃষ্টি হবই । যিখন অসমত আজিও প্ৰায় ২৩ লাখ নিবনুৱা আছে , যিখন অসমত যোৱা পোন্ধৰটা বছৰ ৪৬ তাতকৈ অধিক গড় ৰ হত্যা কৰা হৈছে আৰু যিখন দেশত অসমত শিক্ষা গুৰু সকলে নিজৰ প্ৰাপ্য দাবীত আন্দোলন কৰা ফলত মদাহী আখ্যা পাইছে সেইখন অসমত আন্দোলন ৰ বিকল্প থাকিব নোৱাৰে । তেলেংগানা আন্দোলন হৈছিল , তেলেংগানা আন্দোলনৰ ফলত আজি তেলেংগানা ৰ মুক্তি পথ প্ৰশস্ত হৈছে । অসম আন্দোলন ৰ পৰবৰ্তী পৰ্যায়ত ৯০% অনুদানৰ ব্যৱস্থা গৃহীত হৈছে আৰু বড়ো আন্দোলনৰ পিছত আজি সমগ্ৰ বড়ো ভূমিতে এক নতুন ৰাজনৈতিক বাতাবৰণ প্ৰতিষ্ঠা হৈছে ।
প্ৰশ্ন উত্থাপিত হয় সমাজৰ প্ৰতি থকা দায়বদ্ধ তাক লৈ , আজি প্ৰশ্ন উত্থাপিত হৈছে তেওঁলোকৰ মানসিকতা ক লৈ , যিটো সময়ত আন্দোলনৰ ওপৰত শোধনাগাৰ লৈ আৰম্ভ কৰি প্ৰত্যেকটো দিশত আন্দোলন কৰিব লগা হয় সেইটো সময়ত আন্দোলনৰ কথা নসাৎত কৰিবলৈ যোৱাটো অত্যন্ত হাস্যকৰ ।
বিদেশী আগ্ৰাসন ত্ৰিপুৰাটো হৈছিল কিন্তু ব্যাপক প্ৰতিবাদ হোৱা নাছিল । সমতা সুখীগতকৰণ ৰ যুঁজ খন সোণালী আৰু ৰমান্তৰ ত হৈছিল কিন্তু প্ৰতিবাদ হোৱা নাছিল কিন্তু আজি ত্ৰিপুৰাৰ অৱস্থাই, আজি সোনালীৰ অৱস্থাই প্ৰত্যেকটো মূহুৰ্তত চিঞৰি চিঞৰি কয় সেই পবিত্ৰ সময়ত প্ৰতিবাদ কৰা হেতেন আজি এনেকুৱা এটা অৱস্থা নহলে হয় ।
এনেকুৱা এটা অৱস্থা অসমত হোৱা টো নিবিচাৰোঁ আৰু তাৰ বাবে এবাৰ কি ১০০ বাৰ আন্দোলনৰ কাৰণে এবাৰ কি ১০০ বাৰ শ্বহীদ হবলৈ প্ৰস্তুত ।
কিছুমানে কব জাপানৰ কৰ্ম সংস্কৃতি ৰ কথা কিন্তু জাপানৰ কৰ্ম সংস্কৃতিৰ কথা কোৱাৰ আগতে পাহৰিব নালাগে যে জাপানৰ এগৰাকী প্ৰাপ্তন প্ৰধানমন্ত্ৰী য়ে আহি কৈছিল যে জাপানৰ কৰ্ম সংস্কৃতি এক আন্দোলন , আন্দোলন পৰিবৰ্তনৰ আন্দোলন মানসিকতা পৰিবৰ্তনৰ , আন্দোলন বিকাশৰ পৰিবৰ্তনৰ ।
Times of India কাকতত ২০০৪ চনত যোগান দত্ত দেৱে লিখিছে সমাজত পৰিবৰ্তন আনিবলৈ , সমাজৰ বিকাশৰ কথা চিন্তা কৰিবলৈ হলে সামাজিক , ৰাজনৈতিক প্ৰত্যেকটো ক্ষেত্ৰত সৰ্বাত্মক আন্দোলনৰ প্ৰয়োজন সেই আন্দোলন নিশ্চিত ভাৱেই সংগঠিত হবই লাগিব আৰু যদিহে আমাৰ নিচিনা এখন ৰাজ্য লাচিতে নিজৰ কৰ্ম সংস্কৃতি সৃষ্টি কৰিবৰ বাবে মোমায়েকৰ হত্যা কৰিব লগা হৈছিল তেন্তে মই ভাবো অসমত কৰ্ম সংস্কৃতি কেতিয়াও আপোনা আপুনি সৃষ্টি নহয় ।
ইয়াৰ কাৰণে মানসিক , সামাজিক সাংস্কৃতিক এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব সেই প্ৰক্ৰিয়া আপোনাৰ পৰা আৰম্ভ কৰিব লাগিব সেই প্ৰক্ৰিয়া মোৰ পৰা আৰম্ভ কৰিব লাগিব , সেই প্ৰক্ৰিয়া এই মজিয়াৰ পৰা আৰম্ভ হব লাগিব ।
সামৰণি...::-
যদি সঁচা অৰ্থত অসমত পৰিবৰ্তন আনিবলৈ আছে যদি সঁচা অৰ্থত অসমত শিক্ষাৰ কৃষ্ঠি সংস্কৃতিৰ বৰঘৰ ৰচি ইয়াক নতুন বিকাশৰ নিৰ্মাণ কৰিব আছে । তেন্তে আজি আমি এনে এক আন্দোলন ক লৈ পৰ্যবেক্ষিত কৰিব পৰা যায় যত তেনে এক বিকাশৰ প্ৰেক্ষাপট নিৰ্মাণ কৰক । আজিৰ সময় সমাধানৰ আজিৰ সময় অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লগা হয় বঞ্চিত লাঞ্চিত জাতীয় সত্বাৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আজি এনে এক ব্যৱস্থা গ্ৰহণ কৰো যত আন্দোলনক এক সংস্কৃতি ৰূপে গহি তোলে যি আন্দোলনে বিকাশৰ কথা কয় যি আন্দোলনে মানসিক উন্নয়নৰ কথা কয় যি আন্দোলনে পৰিবৰ্তনৰ কথা কয়।
নাম:- শ্ৰী মতি পূজা নাথ
মহাবিদ্যালয় নাম:- নাওবৈছা মহাবিদ্যালয়
তৃতীয় বৰ্ষ, ইংৰাজী বিভাগ
জিলা:- লখিমপুৰ
গাঁও:- ৰহালী
ফোন নম্বৰ:- ৬০০২৭৯২২৬২
পিন নং:- ৭৮৭০২৩
We are a close community to help to meet and greet new people.
We are a secure community with 5000+ active members who help you with your queries, post new updates and grow your network.