আমাৰ শিক্ষা জীৱনৰ লগত শিক্ষকৰ এক গুৰুত্বপূৰ্ণ অৰিহণা আছে। যাৰ তত্বাৱধানত আমি জ্ঞান লাভ কৰোঁ। সেয়ে সকলোৰে জীৱনত পিতৃ-মাতৃৰ পিছতেই শিক্ষাগুৰুৰ স্হান। এই কথা কোনেও উলাই কৰিব নোৱাৰে। এগৰাকী শিক্ষক সকলোৰে আদৰ্শ হোৱা উচিত। মোৰ মতে শিক্ষকতা বৃত্তি নহয়, ই এই সাধনাহে। কাৰণ মানৱ জাতিক অজ্ঞান এন্ধাৰ জগতৰ পৰা জ্ঞানৰ পোহৰেৰে জিলিকি থকা এক সভ্য জগতলৈ লৈ আহে এগৰাকী শিক্ষকে।
এগৰাকী প্ৰকৃত শিক্ষকে কেতিয়াও আনৰ আগত নিজক বেছি জ্ঞানী বুলি নকয়। এগৰাকী শিক্ষক সদায় কিতাপপ্ৰেমী হোৱা উচিত। যাতে কিতাপ থকা সকলো জ্ঞান বিলাই দিব পাৰে। শিক্ষক এজন এনেকুৱা ব্যক্তি তাক কোনেও অপমান নকৰে। যাৰ সকলো কথা সকলোৱে আখৰে আখৰে পালন কৰে। কাৰণ শিক্ষকক সকলোৱে সমীহ কৰি চলে।
আজিকালি শিক্ষকতাৰ চাকৰি পোৱাটো অতি সহজ হৈ পৰিছে। কিন্তু আদৰ্শ শিক্ষক প্ৰায় নোহোৱাৰ দৰে হৈছে। এইটো সচাঁ বৰ্তমান শিক্ষকৰ অভাৱ নাই। কিন্তু প্ৰকৃত শিক্ষকৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। তিনিটা আখৰৰ সমাহাৰ এই শিক্ষক শব্দটো যাৰ পৰিধি শেষ কেতিয়াও নহয়। তেনে বৃত্তিক কেতিয়াও অপমানিত কৰা কাম কৰাটো অনুচিত।
কিন্তু আজিকালি ছচিয়েল মিডিয়া, নিউজ আদিত কিছুমান মদ্যপী,জুৱাৰী,অশ্লীল গালি-গালাজ কোৱা শিক্ষকৰ মুখ দেখে পাওঁ। ই আমাৰ বাবে অতি লাজৰ কথা। মই নিজেই স্কুল ছুটীৰ পিছত টাছ খেলিবলৈ অহা দেখা পাওঁ। তেওঁলোক কেনেকুৱা শিক্ষক? যিয়ে নিজেই নিজক আনৰ আগত অপমানিত কৰি আছে। কিছুমান শিক্ষকৰ মুখত অনবৰতে দেখা পোৱা যায় Bimal, Kamala Pasand নামৰ নিচাজাতীয় পদাৰ্থ। এতিয়া ভাবি চাওঁক এওঁলোকে আনক কি শিক্ষা দিব? এনে শিক্ষকে শিক্ষাৰ্থীসকলৰ জীৱন কেনেকৈ গঢ় দিব?
শিক্ষক এগৰাকী মমবাতিৰ দৰে যি নিজে গলি আনক পোহৰ দিয়ে। এনেকুৱাই হ'ল এজন প্ৰকৃত শিক্ষকৰ কৰ্তব্য। তাৰ দ্বাৰা আমি আমাৰ জীৱনত আগুৱাই যাবলৈ সমৰ্থ হওঁ। এই প্ৰকৃত শিক্ষকলৈ মোৰ শত-সহস্ৰ নমন। যাৰ বাবে আমি আমাৰ জীৱনটো ধুনীয়াকৈ গঢ় দিব পাৰিছো।
✍️✍️ অলকেশ খাটনিয়াৰ
We are a close community to help to meet and greet new people.
We are a secure community with 5000+ active members who help you with your queries, post new updates and grow your network.